বগলী হত্যাৰ ঘটনাঃ টংলা পৌৰসভাৰ তিনিগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ…

July 1, 2021 0 By Biraj Kalita

টংলা পৌৰসভাৰ নিৰ্মম বগলী হত্যাৰ ঘটনা।

টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়া শান্তনু দাসকে ধৰি ৩জনক বৃহস্পতিবাৰে টংলা বন বিভাগৰ বিট অ’ফিচে গ্ৰেপ্তাৰ কৰে।

পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া শান্তনু কুমাৰ দাসৰ উপৰি আন দুজন হৈছে কনিষ্ঠ অভিযন্তা সদানন্দ চহৰীয়া আৰু কৰ্মচাৰী মিলন চাংমা।

সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি ওদালগুৰিৰ বন সংমণ্ডল বিষয়া নৱ বৰদলৈয়ে কয়, ‘বগলী নিধনৰ অভিযোগত আমি পৌৰ নিগমৰ এই তিনিগৰাকী কৰ্মচাৰীক আটক কৰি চি জে এম আদালতত হাজিৰ কৰাইছিলো। আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে’।

অভিযুক্ত তিনি বিষয়াক ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

টংলা বন সংমণ্ডলৰ তৰফৰ পৰা বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ ধাৰা ৫০/৫১/৯ ৰ অধীনত তৰা এক গোচৰৰ ভিত্তিত বিষয়া-কৰ্মচাৰী কেইজনক আটক কৰা হয়।

উল্লেখযোগ্য যে ২৬ জুনত টংলা পৌৰসভাৰ অন্তৰ্গত ১ নং ওৱাৰ্ড’ৰ লোকজীৎ সুতাৰৰ বাঁহ গছ কটাৰ ফলত শতাধিক বগলীৰ লগতে পানীকাউৰী মৃত্যু মুখত পৰিছিল।

গছ’ত আশ্ৰয় লৈ থকা প্ৰায় ২৫০টা বগলীক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক তদন্তৰ নিৰ্দেশ দিছিল।