বজ্ৰপাতত ভস্মীভূত ঘৰ, কথমপি ৰক্ষা পৰিল এটা পৰিয়াল

February 6, 2022 0 By NEWS DESK

নিউজ ডেস্ক। শনিবাৰে অহা প্ৰবল বৰষুণ, শিলাবৃষ্টি আৰু ধুমুহাই ৰাজ্যৰ বহু অঞ্চলত ব্যাপক ক্ষয়-ক্ষতি কৰে।

বহু লােকৰ ঘৰ-দুৱাৰৰ ক্ষতি সাধনৰ উপৰি নষ্ট হয় পথাৰত থকা শ শ বিঘা শস্য।

জীৱকুলৰাে ক্ষতিসাধন হয় অতিপাত শিলাবৃষ্টিত।

ইপিনে, কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ ফাষ্টিবাড়ি গাঁৱত নিশা এক ভয়ানক ঘটনা সংঘটিত হয়। নিশ্চিত বিপদৰ পৰা কথমপি ৰক্ষা পৰে এটা পৰিয়াল ।

গাঁওখনৰ নিবাসী জমিৰ শ্বেখৰ পৰিয়াল নৈশ আহাৰ গ্ৰহণ কৰি শুই থকা অৱস্থাত ঘৰত নিশা বজ্ৰপাত হয়।

বতাহ– ধুমুহাৰ মাজতে অহা বজ্ৰপাতত তেওঁৰ ঘৰৰ এটা কোঠালীৰ বিস্তৰ ক্ষতি সাধন হয়।

বজ্ৰপাতত এটা ঘৰ ভস্মীভূত হোৱাৰ লগতে প্ৰায় দহ লাখ টকাৰ মৰাপাটৰ লগতে অন্যান্য সামগ্ৰী জ্বলি ভস্মীভূত হয়।