বড়োভূমিত শান্তি বিঘ্নিত কৰা অপশক্তিক কঠোৰ হাতেৰে দমন কৰা হ’বঃ ADGP হীৰেন নাথ

July 8, 2021 0 By Biraj Kalita

বড়োভূমিত শান্তি বিঘ্নিত কৰা অপশক্তিক কঠোৰ হাতেৰে দমন কৰিব গৃহ বিভাগে৷

মঙলবাৰে বাক্সাৰ বৰমাত প্ৰাক্তন এনডিএফবি কেডাৰৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত এই মন্তব্য কৰে ADGP হীৰেন নাথে।

2020 চনত স্বাক্ষৰিত হোৱা বড়ো শান্তি চুক্তি অনুসৰি 9 নং দফাত উল্লেখ কৰা হৈছিল যে মূলসূঁতিলৈ ঘূৰি অহা সকলো এনডিএফবিৰ কেডাৰসকলক পুনৰ সংস্থাপন দিয়া হ’ব৷

যোগ্যতাৰ ভিত্তিত প্ৰাক্তন এনডিএফবিৰ সদস্যসকলক মাহত 6 হাজাৰ টকা আৰু 3 বছৰৰ পাচত 4 লাখ টকাৰ এক ফিক্সড ডিপজিট কৰা হ’ব যাতে প্ৰাক্তন এনডিএফবিৰ সদস্যসকলে ভৱিষ্যতে আত্মনিৰ্ভৰশীল হয়।লগতে প্ৰাক্তন এনডিএফবিৰ সদস্যসকলক বিভিন্ন বিভাগত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।

মঙলবাৰে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে অসম আৰক্ষী বিশেষ শাখাৰ এডিজিপি হীৰেন নাথে।

লগতে তেওঁ কয়- অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ তৎপৰতাত বড়োভূমিত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে৷ সেয়ে যিসকল বড়ো যুৱকে অস্ত্ৰ হাতত তুলি লৈছে, তেওঁলোককো মূলসূঁতিলৈ আহিবলৈ আহ্বান জনাইছো।

অন্যথা অসম আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে এডিজিপি হীৰেন নাথে।

উল্লেখ্য যে, বাক্সাত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বড়ো বিদ্ৰোহী সংগঠন এনডিএফবিৰ মূলসূঁতিলৈ ঘূৰি অহা কেডাৰসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷

এই প্ৰশিক্ষণ কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত ভিডিঅ’ কনফাৰেঞ্চ যোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আদৰণি ভাষণ প্ৰদান কৰে।