বতাহ-বৰষুণত খহিল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মান দলঙৰ ৰেলিং লঞ্চাৰ…
March 28, 2022বতাহ-বৰষুণত খহিল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মান দলঙৰ ৰেলিং লঞ্চাৰ।
শুকুৰবাৰে নিশা অহা বতাহ-বৰষুণত আধুনিক প্ৰযুক্তিৰে নিৰ্মীয়মান গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙ ৰেলিং লঞ্চাৰখন ভাঙি পৰে৷
এছ পি ছিংলা নামৰ এক প্ৰতিষ্ঠানে নিৰ্মাণ কৰি থকা দলঙখনৰ ৰেলিং খহি পৰাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে বহুকেইজন শ্ৰমিক।
ৰেলিং খহাত দলঙখনৰ ডিজিটেল ইনভাৰ্টাৰো বহু দূৰৈত ছিটিকি পৰে।
উল্লেখ্য যে, চাৰিলেনযুক্ত দলঙখন ২০২৩চনত মুকলি হোৱা কথা ।