বনমন্ত্ৰী-বন বিভাগৰ দুৰ্বলতাৰ বাবে গুৱাহাটীত সক্ৰিয় হৈ আছে ভূ-মাফিয়াঃ বিধায়ক অতুল বৰা…

March 8, 2022 0 By Biraj Kalita

বনমন্ত্ৰী-বন বিভাগৰ দুৰ্বলতাৰ বাবে গুৱাহাটীত সক্ৰিয় হৈ আছে ভূ-মাফিয়া।

এই বিস্ফোৰক মন্তব্য কৰিছে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই।

নিজ দলৰ চৰকাৰৰ বনমন্ত্ৰীৰ বিৰুদ্ধেই পুনৰ এবাৰ সৰৱ হৈ উঠিছে বিধায়ক অতুল বৰা।

দিছপুৰৰ বিধায়ক আৱাসত এক সংবাদ মেল সম্বোধন কৰি পৰিমল শুক্লবৈদ্যক অকৰ্মণ্য বনমন্ত্ৰী আখ্যা দিয়ে অতুল বৰাই।

বৰ্তমান চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু তেওঁৰ অধীনত থকা বন বিভাগ আৰু ৰাজহ বিভাগৰ চৰম দুৰ্বলতা আৰু দুৰ্নীতিৰ বাবেই আজি গুৱাহাটীত ভূ-মাফিয়াৰ দপদপনি বৃদ্ধি পাইছে বুলিও অভিযোগ কৰে অতুল বৰাই।

ইফালে সংবাদমেলত জনজাতীয় বেল্ট আৰু ব্লক, আমচাঙৰ ভূমি ক্ৰয় বিক্ৰয়ত এআইইউডিএফৰ এগৰাকী নেতাৰ খুলশালী জড়িত আছে বুলিও বিস্ফোৰক অভিযোগ কৰে বিধায়কগৰাকীয়ে।

আনকি সংবাদ মাধ্যমৰ সন্মুখত এইআইইউডিএফৰ নেতাৰ ঘনিষ্ঠ লোকজনৰ নাম চেলিম আহমেদে বুলিও মন্তব্য কৰে অতুল বৰাই। তেওঁ অভিযোগ কৰে যে চেলিম আহমেদ নামৰ এই ভূ-মাফিয়াজনে ডিমৰীয়া আৰু আমচাঙৰ ৩৮ ভূমি জালিয়াতিৰে ক্ৰয় কৰিছে।

এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৰাজহ আৰু বন বিভাগো জড়িত থকাৰ অভিযোগ কৰে দিছপুৰৰ বিধায়কগৰাকীয়ে। তেওঁ লগতে কয়, ‘এই বিষয়ে অকৰ্মণ্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক কোনো কথা কৈ লাভ নাই।’

আনহাতে পবিতৰা অভয়াৰণ্যৰ শোচনীয় বাট পথৰ অৱস্থাৰ কথা কৈ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে কাজিৰঙালৈ আহি কাজিৰঙাৰ বিষয়ে বহু কথাই কৈ গ’ল। কিন্তু ৰাষ্ট্ৰপতিগৰাকীক আমচাং আৰু পবিতাৰৰ শোচনীয় বাট-পথসমূহ এবাৰ চাই যাবলৈ আহ্বান জনায় বিধায়ক অতুল বৰাই।