বন্ধুৰ সৈতে ফুৰিবলৈ গৈ যুৱক সন্ধানহীন

February 1, 2022 0 By NEWS DESK

নিউজ ডেস্ক। শোণিতপুৰৰ বালিপৰাৰ এৰাগাঁৱৰ এগৰাকী যুৱক বিগত ছদিনে সন্ধানহীন হৈ আছে।

জানিব পৰামতে, বালিপৰাৰ এৰাগাঁৱৰ কাবুল শইকীয়া (কাজু) নামৰ যুৱকজনে যোৱা ২৫ জানুৱাৰীৰ দিনা দুজন সমনীয়াৰ সৈতে অসম-অৰুণাচল সীমান্তৱৰ্তী ভালুকপুং হৈ অৰুণাচল প্ৰদেশৰ টিপ্পীলৈ গৈছিল।

কিন্তু ৰহস্যজনকভাৱে যুৱকজন টিপ্পীত সন্ধানহীন হৈ পৰে।

ঘটনা সন্দৰ্ভত পৰিয়ালে চাৰিদুৱাৰ থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু বিগত ছদিনে যুৱকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই চাৰিদুৱাৰ আৰক্ষী।

কোনো লোকে যুৱকজনৰ সন্ধান লাভ কৰিলে লগে লগে চাৰিদুৱাৰ আৰক্ষী আৰু পৰিয়ালৰ লোকক জনাবলৈ যুৱকজনৰ পৰিয়ালে আহ্বান জনাইছে।

লগতে চাওকঃ

‘কবি’ ভূপেন বৰাৰ ‘জনপ্ৰিয়তা’ৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টাৰ, মিষ্টাৰ ৰাজকুমাৰৰ সৈতে তুলনা!