বন্যহস্তীৰ আক্ৰমণত নিহত পৰিয়ালৰ লোকক ৪ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান

October 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ অন্তৰ্গত ডাঙৰী হালালি ভৱনত বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা পৰিয়ালৰ নিকাটাত্মীয়সকলক শদিয়াৰ বিধায়ক বলিন চেতীয়াই আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে।

ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডাঙৰী হালালি ভৱনত বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ চৈখোৱা মণ্ডল সভাপতি বিৰাজ সোণোৱালৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

উক্ত সভাতে অঞ্চলটোৰ বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা পৰিয়ালৰ নিকাটাত্মীয়সকলক শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতীয়াই চাৰি লাখ টকাকৈ চৰকাৰী আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে।

চৰকাৰৰ এই আৰ্থিক সাহায্যই বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা লােকৰ পৰিয়ালৰ সদস্যক কিছু আৰ্থিক সকাহ দিব বুলি আশা প্ৰকাশ কৰিছে বিধায়ক বলিন চেতীয়াই।