বন্যহস্তীৰ তাণ্ডৱঃ ভাঙি লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ…
June 19, 2021ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ।
ৰহাৰ আমচৈৰ কেকুৱাগাওঁত বন্যস্তীৰ সন্ত্ৰাস।
শুক্ৰবাৰে নিশা প্ৰায় ১১:৩০ বজাত গাওঁখনৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে বনৰীয়া হাতীয়ে।
আমচৈ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা তিনিটা হাতীয়ে কেকুৱাগাওঁ অঞ্চলত প্ৰবেশ কৰি সন্ত্ৰাস চলাই।
বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰে কেইবাটাও বাসগৃহ৷
অৱশ্যে বনৰীয়া হাতীৰ এই আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে গৃহস্থৰ।
ইয়াৰ পাছতে বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু ক্ষতিগ্ৰস্থক কিছু সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।