বন্যহস্তী খেদিবলৈ যোৱা বন বিভাগৰ দলক আক্ৰমণ স্থানীয় ৰাইজৰ, কিন্তু কিয়?

June 15, 2021 0 By Biraj Kalita

নিশা গোলাঘাটৰ বগীঢলা চাহ বাগিছাত উত্তপ্ত পৰিস্থতি।

বন্যহস্তী খেদিবলৈ যোৱা বন বিভাগৰ এটা দলক স্থানীয় একাংশ ৰাইজে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

দুজন বনৰক্ষীক প্ৰায় ৫০ /৬০ জনীয়া দলে নিৰ্মম ভাবে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে বন বিভাগৰ দলটো যোৱা গাড়ীখনকো আক্ৰমণ কৰি ক্ষতিসাধন কৰে।

ইফালে বগীঢলা চাহ বাগিছাত সোমবাৰে হাতীৰ আক্ৰমণত মাতৃসহ এটি শিশু মৃত্যু হোৱাৰ পাছত এক চেপা উত্তেজনা বিৰাজ কৰি আছিল এলেকাটোত।

নিশা পুনৰ বন্যহস্তীৰ উপদ্ৰপ বৃদ্ধি পোৱাত বন্যহস্তী খেদিবলৈ যোৱা এই বন বিভাগৰ দলটোৰ লটি ঘটি হ’ল।

বৰ্তমান আঘাত প্ৰাপ্ত দুয়োজনক চিকিৎসা সেৱা প্ৰদান কৰি গোলাঘাট আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে বন বিভাগে।