বন্য জন্তুৰ অংগ-প্ৰত্যংগসহ এজনক গ্ৰেপ্তাৰ বন বিভাগৰ
July 13, 2021নিউজ ডেস্ক। ৰাজ্যত বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ চােৰাং বেহা অব্যাহত আছে।
এইবাৰ হােজাইত বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৈতে আটক হ’ল এজন লােক।
হোজাই বন বিভাগৰ অভিযানকাৰী দলে হোজাইৰ চিঙাৰীবস্তিৰ পৰা গ্ৰেপ্তাৰ কৰে নাছিৰ আলী নামৰ যুৱকজনক।
যুৱকজনৰ ঘৰত তালাচী চলাই বিভাগটােৱে ৯ ইঞ্চি দৈৰ্ঘ্যৰ হাতীৰ দাঁত, ৮ ইঞ্চি দৈৰ্ঘ্যৰ হৰিণৰ ছাল উদ্ধাৰ কৰাৰ লগতে অচিনাক্ত বন্য জন্তুৰ অংগ উদ্ধাৰ কৰে।
যুৱকজনে এই অংগ-প্ৰত্যংগৰ জৰিয়তে দীৰ্ঘদিন ধৰি কবিৰাজী চিকিৎসা চলাই অহিছিল।
সােমবাৰেও কবিৰাজী চিকিৎসা চলাবলৈ যাওতে বন বিভাগে আটক কৰে যুৱকজনক।
বন সুৰক্ষা বিভাগৰ দলে চোৰাং সামগ্ৰীসমূহ জব্দ কৰি বন সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰে।