বনৰীয়া গাহৰিৰ আক্ৰমনত গুৰুত্বৰ ভাৱে আহত এজন যুৱক…

June 3, 2021 0 By Biraj Kalita

বনৰীয়া গাহৰিৰ আক্ৰমনত গুৰুত্বৰ ভাৱে আহত এজন যুৱক।

ঘটনাটো সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গস্থিত জেং ক্ৰ গাঁৱত৷

বনৰীয়া গাহৰিৰ আক্ৰমনত গুৰুত্বৰ ভাৱে আহত হৈছে বিচন চিণ্ঠং নামৰ এজন যুৱক।

সতীৰ্থ দুই বন্ধুৰ সৈতে পাহাৰৰ নিজৰ ঝুম খেতিৰ পৰা বুধবাৰে বিয়লি ভাগত ঘৰৰ লৈ আহি থকা অৱস্থাত হঠাৎ জংঘলত ঘাপ পিটি থকা বনৰীয়া গাহৰিটোৱে জাপ মাৰি যুৱক জনক আক্ৰমন কৰাত ঘটনাস্থলীতেই গুৰুত্বৰ ভাৱে আহত হ’য়৷

কোনো মতে সতীৰ্থ দুই যুৱকে গাহৰিটোৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’য় যুৱকজনক।

সম্প্ৰতি যুৱক জন খেৰণস্থিত আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷