বনৰীয়া হাতীৰ জাকৰ কাষতে ছেলফি! তাৰ পাছত ঘটিল এই কৰুণ ঘটনা…

September 10, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। এইবাৰ গােৱালপাৰা জিলাত বনৰীয়া হাতীৰ গচকত কৰুণ মৃত্যু এগৰাকী বাইক আৰােহী যুৱকৰ।

জানিব পৰা মতে, গোৱালপাৰা জিলাৰ লক্ষীপুৰত বন্য হস্তীৰ আক্ৰমণত মৃত্যু এগৰাকী বাইক আৰোহীৰ।

গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ শ্ৰীশ্ৰী এককলীয়া মন্দিৰৰ সমীপত নিশা বন্য হস্তীৰ জাক এটাই এ এছ ০১ই এন ৭৪৬৯ নম্বৰৰ বাইক আৰোহী এজনক গচকি মাৰি পেলোৱা পৰিলক্ষিত হয়।

আৰু উক্ত ঘটনাটো দূৰৈৰ পৰাই সম্পূৰ্ণৰূপে প্ৰত্যক্ষ কৰে এগৰাকী প্ৰত্যক্ষ দৰ্শীয়ে।

মৃত যুৱকজনৰ পৰা উদ্ধাৰ হোৱা নথিপত্ৰ অনুসৰি কামৰূপ জিলাৰ হাতীগাঁৱৰ বিনয় চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্যনুসৰি বাইক আৰোহীজনে হাতীৰ জাকটোৰ পৰা প্ৰায় ১০ মিটাৰ দূৰত্বৰ পৰা ম’বাইলেৰে ফটো উঠাই আছিল।

পিছত বন্য হস্তীৰ জাকটোৱে আৰোহীজনক পিছে পিছে খেদি গচকি হত্যা কৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

লগতে চাওকঃ সাপ্তাহিক ৰাশিফল