বন বিভাগত সংস্কাৰৰ বাবে ৰেঞ্জাৰৰ পৰা মাণ্ডলিক বন বিষয়া পৰ্যায়লৈ ৰদবদলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

July 7, 2021 0 By Biraj Kalita

অসম আৰক্ষীৰ পিছত এইবাৰ বন বিভাগৰ সংস্কাৰ সাধনৰ বাবে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক।

মঙলবাৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বন বিভাগত সংস্কাৰৰ বাবে ৰেঞ্জাৰৰ পৰা মাণ্ডলিক বন বিষয়া পৰ্যায়লৈ ৰদবদলৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বন বিষয়াসকলৰ ৰদবদল বাবে তৎক্ষনিকভাৱে এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

ৰাজ্যখনৰ মূল্যৱান বনাঞ্চল ৰক্ষা আৰু বন্যপ্ৰাণী সুৰক্ষাৰ লগতে বিভাগটোৰ প্ৰতিচ্ছবি পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ প্ৰদান কৰে।

আনহাতে, ৰাজহ উৎপাদন বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আন ৰাজ্যৰ পৰা বন সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহৰ ক্ষেত্ৰত যথাযথ চৰকাৰী প্ৰক্ৰিয়া অনুসৰি সুচল যাতায়াতৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

লগতে বন সম্পদৰ অবৈধ কাৰ্যকলাপ আৰু বনভূমি বেদখল চিনাক্তকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে ড্ৰ’ন প্ৰযুক্তিৰ দ্বাৰা বনাঞ্চলৰ নিয়মীয়া নিৰীক্ষণ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে।