বন বিভাগৰ অভিযানত আটক ৩ চোৰাং চিকাৰী, জব্দ বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ..

March 31, 2022 0 By Biraj Kalita

ৰাইমনা ৰাষ্ট্ৰীয় উদ‍্যানত ৩ টা চোৰাং চিকাৰী আটক, জব্দ বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ।

কোকৰাঝাৰ জিলাৰ গোঁসাইগাওঁ মহকুমাৰ অন্তৰ্গত ৰাইমনা ৰাষ্ট্ৰীয় উদ‍্যানত তিনিজন চোৰাং চিকাৰী সহ বহুতো আপত্তিজনক সামগ্ৰী জব্দ হয়।

SSB আৰু বনবিভাগৰ যৌথ অভিযানত আটক হয় ৩ গৰাকী চোৰাং চিকাৰী।

আটকাধীন চোৰাং চিকাৰী কেইজনৰ পৰা তিনিটা হস্ত নিৰ্মিত বন্দুক, গছ কটা মেছিন, হৰিণৰ শিঙৰ লগতে বন‍্যপ্ৰাণীৰ ছাল আৰু বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

কচুগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত ভূটান সংলগ্ন ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি যৌথ অভিযান চলাই চোৰাং চিকাৰীৰ বিৰুদ্ধে এই সাফল্য লাভ কৰে বন বিভাগে।