বন বিভাগৰ অভিযানত উচ্ছেদ ১১ টাকৈ চােৰাং কাঠফলা কল
October 26, 2021নিউজ ডেস্ক। কলগাছিয়াত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অব্যাহত আছে বন বিভাগৰ অভিযান।
বন বিভাগৰ অভিযানত উচ্ছেদ কৰিলে ১১ টাকৈ কাঠ ফলা কল।
বৰপেটা আঞ্চলিক বন বিষয়াৰ নিৰ্দেশত বৃহত্তৰ কলগাছিয়াৰ বিভিন্ন এলেকাত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে চলিল তীব্ৰ অভিযান।
অভিযান কালত কোনো কাঠফলা কলৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ লণ্ড-ভণ্ড কৰে বন বিভাগে।
জানিব পৰা মতে, ডাবন দিয়া, বগুলা মাৰি, লাংলা বালিকুৰি আদি ভিন্ন কেইবা ঠাইতো ১১ টাকৈ মিলৰ প্ৰয়োজনীয় সামগ্ৰী নষ্ট কৰে।
ইফালে, অবৈধ কাঠৰ মিল আৰু অনুজ্ঞা পত্ৰ নথকা কাঠৰ দোকানৰ বিৰুদ্ধে বিগত দুমাহ ধৰি বন বিভাগৰ অভিযান অব্যাহত আছে।