বন বিভাগৰ অভিযানত উৎখাত দুটাকৈ অবৈধ কাঠফলা কল, জব্দ চােৰাং কাঠ

December 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ধুবুৰী জিলাৰ বিলাসীপাৰাত দীৰ্ঘদিন ধৰি সক্ৰিয় চোৰাং কাঠ ব্যৱসায়ী।

বিলাসীপাৰা মহকুমাটোৰ ভিতৰুৱা অঞ্চলত বন মাফিয়াই দীৰ্ঘদিনৰ পৰা অবৈধ ভ্ৰাম্যমান কাঠ ফলা কল স্থাপন কৰি অবৈধভাৱে চলাই আহিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা।

তেনে চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগে চলায় আকস্মিক অভিযান।

ধুবুৰী বন সুৰক্ষা কৰ্মী তথা শালকোছা আঞ্চলিক বন বিষয়া আৰু লক্ষীগঞ্জ খণ্ড বিষয়া কৰ্মীৰ যৌথ অভিযানত বিলাসীপাৰা, কালিপাৰা আৰু গোৱৰ্দ্ধনপাৰাৰ পৰা জব্দ কৰে অবৈধ ভ্ৰাম্যমান কাঠফলা কল আৰু বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা।

বন বিভাগে গাঁও দুখনত আকস্মিকভাৱে অভিযান চলাই চোৰাং কাঠৰ কুণ্ডা আৰু দুটাকৈ অবৈধ ভ্ৰাম্যমান কাঠফলা কল জব্দ কৰি শালকোছা বন বিষয়াৰ কাৰ্যালয়ত সমজাই দিয়ে।

লগতে চাওকঃ

আজব ঘটনা! ৰে’লৰ ইঞ্জিনকে বিক্ৰী কৰিলে বিভাগীয় অভিযন্তাই