বন বিভাগৰ অভিযানত জব্দ চেগুন গছৰ কুণ্ডা কঢ়িওৱা চাৰিখনকৈ ঘোঁৰাগাড়ী

February 1, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনজ সম্পদৰ ধ্বংসযজ্ঞ।

বিশেষকৈ কামৰূপ জিলাৰ নগৰবেৰাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁও এলেকাত গঢ়ি উঠিছে চােৰাং কাঠৰ ৰমৰমীয়া বেহা।

গােপন সূত্ৰৰ পম খেতি, নগৰবেৰাৰ মালঞ্চাত বন বিভাগৰ অভিযানত জব্দ চেগুন কাঠৰ কুণ্ডা ভৰ্তি চাৰিখনকৈ ঘোঁৰাগাড়ী।

বন বিভাগক দেখি পলাল ঘোঁৰাগাড়ীৰ চালক।

পশ্চিম কামৰূপ বন সংমণ্ডলৰ নগৰবেৰাস্থিত নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ এটা দলে চলাইছিল এই অভিযান।

গাড়ীসমূহত মূল্যৱান চেগুন কাঠভৰ্তি কৰি নিকটৱৰ্তী বাঘমাৰা অঞ্চলৰ কাঠ মিললৈ নি থকা বুলি জানিব পৰা গৈছে।

আনহাতে, বন বিভাগৰ তহলদাৰী দল দেখি ঘোঁৰা গাড়াৰ চালককেইজন পলায়ন কৰা বুলি জানিব দিছে বনাঞ্চলিক বিষয়া মৃণাল অধ্যাপকে।

উল্লেখ্য যে শেহতীয়াকৈ পশ্চিম কামৰূপৰ বন প্ৰাধিকৰী ডিম্পী বৰাৰ নিৰ্দেশত বৃহত্তৰ অঞ্চলজুৰি বন বিভাগে চলাইছে চোৰাং কাঠৰ বিৰুদ্ধে ব্যাপক অভিযান।

নিতৌ অব্যাহত ৰখা চোৰাং কাঠকে আদি কৰি বিভিন্ন অবৈধ ব্যৱসায়ী উৎখাত হ’বলৈ ধৰাত বন বিভাগৰ তৎপৰতাক শেহতীয়াকৈ অঞ্চলবাসী ৰাইজে শলাগ লৈছে।