বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং গছৰ কুণ্ডা
October 6, 2021নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে বন ধ্বংসকাৰীৰ দপদপনি। বন ধ্বংসকাৰীসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বন বিভাগে।
এইবাৰ কামৰূপ জিলাৰ হাজোৰ চৰাবৰিত বনবিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা।
বন মাফিয়াই এইসমূহ কুণ্ডা বিক্ৰীৰ বাবে পেলাই থোৱা অৱস্থাতে এক গোপন সূত্ৰৰ পম খেদি হাজোৰ আঞ্চলিক বন বিষয়া সংগীতাৰাণী সিন্হাৰ নেতৃত্বত যোৱা এটি বন বিভাগৰ দলেই এনেদৰে অতৰ্কিতে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয়।
জব্দ কৰা কাঠৰ কুণ্ডাৰ মূল্য আনুমানিক এক লক্ষ টকা।