বন বিভাগৰ অভিযানত তিনিটাকৈ অবৈধ কাঠফলা মিল জব্দ

January 31, 2021 0 By Dighanta Kumar

নিউজ ডেস্ক। তামুলপুৰৰ কাউৰবাহাত তিনিটাকৈ অবৈধ কাঠফলা মিল জব্দ বন বিভাগৰ।

মুছলপুৰ বিভাগৰ সহ বন সংৰক্ষক আব্বাছ দেৱান আৰু বন বিষয়া বৰিছ বৰকাকতীৰ নেতৃত্বত তামুলপুৰ বন বিভাগ আৰু এছ এছ বিৰ সহযোগত কাউৰবাহ নামৰ ঠাইত তিনিটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰে।

এক বিশেষ সূত্ৰৰ পম খেদি তামুলপুৰ মহকুমাৰ কাউৰবাহা গাঁৱত যুটীয়া অভিযান চলাই মিল তিনিটা জব্দ কৰে।

বন বিভাগৰ লোকে জনোৱা মতে মিলৰ গৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখি মিলৰ গৰাকীৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

তামুলপুৰ মহকুমাৰ বিভিন্ন স্থানত এনেদৰে গঢ়ি উঠা অবৈধ কাঠ মিল সমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব বুলি জানিব দিয়ে সহকাৰী বন বিষয়া আব্বাছ দেৱানে।

বন বিভাগে অবৈধ কাঠফলা মিল কেইটাৰ পৰা জেনেৰেটৰ, মটৰ, কাঠফলা বিভিন্ন যান্ত্ৰিক সজুলি জব্দ কৰি তামুলপুৰ বন বিষয়াৰ কাৰ্যালয়লৈ লৈ আনে।