বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চােৰাং কাঠ জব্দ, আটক ১
November 24, 2021নিউজ ডেস্ক। কামৰূপ জিলাৰ বকাে সমষ্টিৰ অন্তৰ্গত সোণতলীত বন বিভাগৰ অভিযান।
বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয় আৰু নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিকৰ অভিযানত লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ কৰাৰ বিপৰীতে আটক কৰে এজন লোকক।
বামুণীগাঁও প্ৰটেক্চন ৰেঞ্জৰ বন বিভাগৰ দল এটাই নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিকৰ যুটীয়া অভিযানত মঙলবাৰে সোণতলীত অভিযান চলাই প্ৰায় লক্ষাধিক টকাৰ মূল্যৰ ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
উক্ত অভিযানত এজন লোকক আটক কৰে অভিযানকাৰী দলটোৱে। লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে কাঠখিনি।
আটকাধীন জিন্নত আলী নামৰ লোকজনক বামুণীগাঁও বনাঞ্চলিকৰ কাৰ্যালয়লৈ লৈ যোৱাৰ বিপৰীতে কাঠখিনি নগৰবেৰালৈ নিয়ে।