বন বিভাগৰ অভিযানত সৰভোগত দুস্প্ৰাপ্য কাছ উদ্ধাৰ, এজনক গ্ৰেপ্তাৰ…

May 27, 2021 0 By Biraj Kalita

সৰভোগত বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ এটা দুস্প্ৰাপ্য কাছ।

লগতে ঘটনা সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজনক।

বন বিষয়া আৰু সৰভোগ আৰক্ষীৰ যুটীয়া অভিযানত আৰক্ষীয়ে সৰভোগৰ নিজদমকা গাঁৱৰ পৰা এটা দুস্প্ৰাপ্য কাছসহ লোকজনক আটক কৰে।

মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ খণ্ড বন বিষয়া নয়নজ্যোতি পাঠকে এক গোপন সূত্ৰৰ পম খেদি নিজদমকা গাঁৱৰ হৃদয়ানন্দ দাসৰ গৃহৰ পৰা ৬ কিল’গ্ৰাম ওজনৰ দুস্প্ৰাপ্য কাছটো উদ্ধাৰ কৰে।

বনৰীয়া জন্তুৰ চোৰাং ব্যৱসায়ত জড়িত হৃদয়ানন্দ দাসে উদ্ধাৰ কৰা কাছটো বিক্ৰীৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ পৰা কোনো অজ্ঞাত লোকৰ পৰা ক্ৰয় কৰি অনা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে।

ধৃত হৃদয়ানন্দ দাসক বুধবাৰে আৰক্ষীয়ে বৰপেটা জেললৈ প্ৰেৰণ কৰে