বন বিভাগৰ অভিযান, অবৈধভাৱে বালি কঢ়িওৱা ডাম্পাৰ জব্দ

January 6, 2021 0 By NEWS DESK

ৰিপ’ৰ্টঃ আৰিফ আহমেদ। তামুলপুৰত বালি ভৰ্তি ডাম্পাৰ জব্দ । নিশা বন বিভাগৰ অভিযানত চালান বিহীন বালি ভৰ্তি ডাম্পাৰ জব্দ ।

WB-73 E-7123 নম্বৰৰ বালি ভৰ্তি ডাম্পাৰ খনে চালান বিহীনভাৱে তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখে গৈ থকা অৱস্থাত তামুলপুৰ বন বিভাগে দ্বাৰকুছিত তালাচী চলায় আৰু ডাম্পাৰ খনৰ বালি কঢ়িওৱা চালান নথকাত গাড়ী খন জব্দ কৰে।

নিশাৰ সময়ত এনেদৰে চালান বিহীনভাৱে বালি কঢ়িওৱা কাৰ্যই স্পষ্ট কৰি দিছে ইয়াত যে এক দুষ্ট চক্ৰ জৰিত আছে।

ইপিনে নৱ গঠিত বিটিচি পৰিষদে বন বিভাগৰ ওপৰত দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে।

সেই বাবে হয়টো বন বিভাগৰ গা লৰিছে আৰু নিশা তালাচী চলাই এইদৰে জব্দ কৰিলে চালান বিহীন ডাম্পাৰ।