বন বিভাগৰ জীপছীতে খুন্দিয়ালে চোৰাং কাঠ কঢ়িওৱা বন মাফিয়াৰ বাহনে

June 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সাম্প্ৰতিক ক’ভিড জনিত পৰিস্থিতিৰ মাজতাে ৰাজ্যত অব্যাহত আছে কাঠ মাফিয়াৰ দপ্দপনি।

বন বিভাগৰ টহলদাৰী বাহিনীৰ সৈতে মুখামুখি সংঘৰ্ষ চােৰাং কাঠ কঢ়িওৱা বাহনৰ।

কলিয়াবৰৰ ঘোঁৰাকাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰবিবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, কাজিৰঙাৰ বন বিভাগৰ এখন বাহনৰ সৈতে চোৰাং কাঠভৰ্তি এখন বাহনৰ মুখামুখিকৈ সংঘৰ্ষ হোৱাত চোৰাং কাঠভৰ্তি বাহনখন ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰি পৰে।

দুৰ্ঘটনাটোত কোনোমতে প্ৰাণ ৰক্ষা পৰে চালকসহ তিনি বনকৰ্মীৰ।

জানিব পৰামতে, এ এছ ০২ বিচি ৬৬৬৭ নম্বৰৰ বাহনখনে চোৰাং কাঠ কঢ়িয়াই নগাঁৱৰ দিশে আহি থকা সময়তে এ এছ ০৫ জি ৪৬৩৩ নম্বৰৰ কাজিৰঙাৰ বন বিভাগৰক জীপছীখনত প্ৰচণ্ড জোৰত খুন্দা মাৰি পথৰ দাঁতিত বাগৰি পৰে।

আহত বনকৰ্মী তিনিওজনকে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চোৰাং কাঠভৰ্তি বাহনখনত থকা চোৰাং কাঠৰ সৰবৰাহকাৰী ঘনাস্থলীৰ পৰা পলায়ন কৰে।