বন বিভাগৰ সাফল্য! বলেৰ’ পিক্আপসহ মূল্যবান কাঠ জব্দ…

March 10, 2022 0 By Biraj Kalita

মাজবাট আঞ্চলিক বন বিভাগৰ বৃহৎ সাফল্য।

বলেৰ’ পিক্আপসহ মূল্যবান কাঠ জব্দ।

ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালৰ এটি সজাতি দলে অভিযান চলাই মাজবাটৰ আদৰ্শ গাঁৱৰ টাৰ্নিং বজাৰৰ উৰাং ৰূপাপথাৰৰ পৰা বলেৰ’ পিক্আপ ভানসহ মূল্যবান বনচুম কাঠ জব্দ কৰে।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বন কৰ্মীৰ দলে অসম-অৰুণাচল সীমান্তৱৰ্তী চিকাৰীদাংকাট খাপ পিটি ৰৈ আছিল।

কিছুসময় পিছতে অৰুণাচল দিশৰ পৰা এখন বলেৰ’ পিক্আপভান আহি উক্ত স্থান পোৱাৰ লগে লগে গাড়ীখনক ৰ’বলৈ সংকেট দিয়ে বন কৰ্মীসকলে।

কাঠভৰ্তি বাহনখনে বনকৰ্মীক দেখি তীব্ৰবেগেৰে পলায় যাব চেষ্টা কৰে যদিও বন কৰ্মীয়ে বাহনখনৰ পিছে পিছে খেদি মাজবাটৰ আদৰ্শ গাঁৱৰ টাৰ্নিং বজাৰৰ কাষত জব্দ কৰে।

জব্দ কৰা কাঠভৰ্তি বাহনখনৰ নম্বৰ এএছ১২বি চি০৬২৩।

পিছত জব্দ কৰা বলেৰ’ পিক্আপ ভানখন জব্দ কৰি বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে।

বাহনখনত প্ৰায় ৯০ কেবি বনচুম কাঠ আছিল।