বন বিভাগ আৰু SSBৰ অভিযানত জব্দ ১৫ কেজি ওজনৰ দুটাকৈ হাতীৰ দাঁত, এজনক গ্ৰেপ্তাৰ…
June 19, 2021বন বিভাগ আৰু SSBৰ অভিযানত জব্দ ১৫ কেজি ওজনৰ দুটাকৈ হাতীৰ দাঁত।
লগতে গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক।
বন বিভাগ আৰু SSBয়ে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁৱত যৌথ অভিযান চলাই হাতীৰ দাঁতসহ লোকজনক গ্ৰেপ্তাৰ কৰে।
ধৃত লোক গৰাকী কচুগাঁও থানাৰ অন্তৰ্গত জানালি গাৱঁৰ নিবাসী মাথিও বসুমতাৰী।
অভিযানকাৰী দলটোৱে সৰবৰাহকাৰী জনৰ পৰা এ এছ ১৬ এ চি ৩৬৯৫ নম্বৰৰ এখন অটো গাড়ীও জব্দ কৰে
কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত চেন্ট্ৰেল ৰেঞ্জৰ বিষয়া প্ৰাঞ্জল তালুকদাৰৰ নেতৃত্বত বন কৰ্মীৰ এটি দল আৰু ৰাইমোনা স্থিত এছ এছ বিৰ ৩১ নম্বৰ বাহিনীৰ জোৱানৰ এটি দলে বন সংমণ্ডল এলেকাৰ বাংঠিঝোৰা গাঁৱত অভিযান চলাই প্ৰকাণ্ড আকাৰৰ দুটা দাঁত জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ জেৰাত লোক গৰাকীয়ে প্ৰকাশ কৰে যে, ভাৰত-ভূটান সীমান্তৰ নিবাসী ৰাভা উপাধিৰ এগৰাকী লোকৰ পৰা হাতিৰ দাঁত দুটা লৈছিল। আৰু দাঁত দুটা বিক্ৰীৰ বাবে গ্ৰাহক বিচাৰি আছিল।
উদ্ধাৰ হোৱা দাঁত দুটাৰ ওজন প্ৰায় ১৫ কেজি হ’ব আৰু প্ৰতি কেজি দাতঁৰ মূল্য অনুমানিক ২৫০০০ টকা হ’ব বুলি ধৃত লোক গৰাকীয়ে প্ৰকাশ কৰে।