বলীউডৰ প্ৰখ্যাত কৰিঅ’গ্ৰাফাৰ তথা নৃত্যশিল্পী ৰেম’ ডিছুজা হৃদৰোগত আক্ৰান্ত!

December 11, 2020 0 By NEWS DESK

বলীউডৰ প্ৰখ্যাত কৰিঅ’গ্ৰাফাৰ তথা নৃত্যশিল্পী ৰেম’ ডিছুজা হৃদৰোগত আক্ৰান্ত।

মুম্বাইৰ এখন চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে কৰিঅ’গ্ৰাফাৰ গৰাকীক

শুকুৰবাৰে বিয়লি প্ৰখ্যাত কৰিঅ’গ্ৰাফাৰগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক ততাতয়াকৈ মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়

আইচিইউত ভৰ্তি হৈ থকা ডিছুজাক বিশেষজ্ঞ চিকিৎসকৰ দল এটাই চিকিৎসা সেৱা প্ৰদান কৰি আছে।

ইতিমধ্যে তেওঁৰ এণ্ড্ৰিঅ’গ্ৰাফী অস্ত্ৰোপচাৰ সম্পন্ন হৈছে।

১৯৯৫ চনত বলীউডত খোজ পেলোৱা ডিছুজাই চামেলি, ধুম, চাইনা টাউন , ৰক অন, লণ্ডন ড্ৰীমছ, এবিচিডি আদি ছবিত সুন্দৰ কৰিঅ’গ্ৰাফী কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।