বলেৰʼ আৰু ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ, কথমপি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ
September 22, 2021নিউজ ডেস্ক। মঙলবাৰে গোলাঘাটৰ জামুগুৰি চাৰিআলিত বলেৰ’ আৰু ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ।
কথমপি প্ৰাণ ৰক্ষা কে’বাজনো লোকৰ।
উল্লেখ্য যে বলেৰ’খনে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেক্টৰখনক খুন্দা মাৰি দিয়াত এখন মটৰচাইকেলত থকা দুজন লোক কথমপি প্ৰাণ ৰক্ষা পৰে।
এ এছ ০৪ স ০১৫৭ নম্বৰৰ বলেৰ’খনৰ ধনশ্ৰী মহকুমাৰ চাংপুলৰ সোণাৰাম গগৈ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে সোণাৰাম গগৈয়ে অত্যধিক সুৰাপান কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।
উক্ত দুৰ্ঘটনাটোৰ ফলত এগৰাকী যুৱতী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এখন মটৰচাইলেকৰ ক্ষতি হয় আৰু কেইবাজনো লোক এই দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে।
ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।