বলেৰ’ বাহনত জব্দ বৃহৎ পৰিমাণৰ বিস্ফােৰক, গ্ৰেপ্তাৰ ৬

December 5, 2020 0 By NEWS DESK

নিউজ ডেস্ক। ভাৰত-বাংলাদেশৰ সীমান্তৱৰ্তী মেঘালয়ৰ জয়ন্তীয়া পাহাৰ (পূব) জিলাৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফােৰকসহ গ্ৰেপ্তাৰ কৰিছে ৬ জন লােকক।

আৰক্ষীয়ে জব্দ কৰা সামগ্ৰীৰ ভিতৰত আছে ১,৫৭৫ কিলােগ্ৰাম বিস্ফােৰক পদাৰ্থ, ৬,੦੦੦ ডিটােনেটৰৰ লগতে ফিউজ তাঁৰ।

জানিব পৰা মতে, এখন বলেৰ’ বাহনত বিস্ফােৰক সামগ্ৰী থকাৰ সম্ভেদ লাভ কৰি আৰক্ষীয়ে লাদৰিমবাই আৰক্ষী চকী এলেকাৰ কংগােং নামৰ ঠাইত অসমৰ পঞ্জীয়ন নম্বৰ থকা এই গাড়ীখনত তালাচী চলায়।

তালাচীৰ সময়ত গাড়ীখনৰ পৰা ২৫੦ কিলােগ্ৰাম বিস্ফােৰক পদাৰ্থ ২,੦੦੦ (জিলেটিন ষ্টিক) আৰু ১੦੦੦ ডিটােনেটৰ জব্দ কৰে।

লগতে গাড়ীত থকা দুজন লােকক আটক কৰা হয়। লােক দুজনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে খলিহৰিয়ট এলেকাত অভিযান চলাই ৪ জন লােকক আটক কৰে।

লগতে ১,২৫৭ কিলােগ্ৰাম বিস্ফােৰক পদাৰ্থ (১੦,২੦੦ জিলেটিন ষ্টিক) আৰু ৫,੦੦੦ ডিটােনেটৰ জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনা সংক্ৰান্তত গােচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

জব্দ কৰা বিস্ফােৰক সামগ্ৰী কােনাে উগ্ৰপন্থী সংগঠনৰ নে শিল-পাহাৰ খননৰ বাবে অনা বিস্ফােৰক, সেয়া নিশ্চিত কৰা নাই আৰক্ষীয়ে।

লগতে চাওকঃ

PoK ৰ পৰা ভুলক্ৰমে ভাৰতত প্ৰৱেশ দুই পাকিস্তানী কিশােৰীৰ, উপহাৰ দি ঘূৰাই পঠালে ভাৰতীয় সেনাই

বিয়াৰ দিনাই আহিল কইনাৰ ক’ভিড পজিটিভ! PPE Kit পিন্ধি বিয়াত বহিল দৰা-কইনা

অৱশেষত অৰিজ দম্পতীৰ নৃশংস হত্যাৰ ৰহস্য ফাদিল!