বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন হ’ল যুৱক

September 15, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত ইটোৰ পিছত সিটো নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে এইবাৰ ডিব্ৰুগড়ৰ যুৱকে বহিঃৰাজ্যত কাম বিচাৰি গৈ হ’ব লগীয়া হ’ল সন্ধানহীন।

সন্ধানহীন যুৱকজনৰ নাম ৩০ বছৰীয়া বিজু দিহিঙিয়া।

ঘৰ ডিব্ৰুগড় বৰপথাৰ অঞ্চলৰ বামপথাৰৰ বুলি জানিব পৰা গৈছে।

চাৰিদিন পূৰ্বে বহিঃৰাজ্যত কাম বিচাৰি ৰে’লত যাত্ৰা কৰা সময়ত কোনো জংচনত নমাৰ পিছতে যুৱকজন সন্ধানহীন হৈ পৰে বুলি লগত যাত্ৰা কৰা লোকসকলে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে।

ইফালে খবৰ লাভ কৰাৰ পিছতে পৰিয়ালৰ লোকে যুৱকজনৰ সন্ধান লাভ নকৰালৈকে আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিবলৈ বৰবৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।