বহিঃৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে আন এজন অসমীয়াই

April 22, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়ালহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

দিল্লী, মহাৰাষ্ট্ৰ, গুজৰাটৰ সমান্তৰালকৈ অসমতো ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

পুনৰ বহিঃৰাজ্যত কৰ’ণাই প্ৰাণ ল’লে এগৰাকী অসমীয়া লোকৰ।

গুজৰাটত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু বোকাখাতৰ বনগাঁৱৰ বিৰাজ বৰা (৪০) নামৰ লোকজনৰ।

আহমেদাবাদৰ এছ, এছ, জি, হাস্পতালত ক’ভিডত আক্ৰান্ত হৈ বুধবাৰে নিশা মৃত্যু হয় লোকজনৰ৷

যোৱা প্ৰায় চাৰি বছৰ ধৰি আহমেদাবাদত এটা কেফেটেৰিয়াৰ গুডাম কিপাৰ হিচাপে কৰ্মৰত হৈ আছিল বিৰাজ বৰা।

১৩ এপ্ৰিলৰ পৰা লোকজন ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল লোকজন।

লগতে চাওকঃ

দেহৰ মৃত্যু হয়, আত্মাৰ নহয়! মৃত্যুৰ এদিন পূৰ্বে মহিলা চিকিৎসকৰ আৱেগিক প’ষ্ট…