বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱকক হত্যা সতীৰ্থৰ, গ্ৰেপ্তাৰ

September 25, 2021 0 By NEWS DESK

নিউজ ডেস্ক। পুনৰ বহিঃৰাজ্যত মৃত্যু ঘটিল অসমীয়া যুৱকৰ। অৱশ্যে এইবাৰ খােদ এজন অসমৰে সতীৰ্থৰ হাতত মৃত্যু ঘটিল অসমীয়া যুৱকৰ।

গহপুৰ চাৰেঙীয়াৰ অচ্যুৎ ভূঞা নামৰ এজন যুৱকক বহিঃৰাজ্যত হত্যা কৰিলে সতীৰ্থই।

চাৰেঙীয়াৰ প্ৰয়াত পূৰ্ণ ভূঞাৰ দ্বিতীয় পুত্ৰ অচ্যুৎ ভূঞাক মহাৰাষ্ট্ৰৰ পুণেত ব্যক্তিগত কোম্পানীত কৰ্মৰত অৱস্থাত অসমৰে এজন সতীৰ্থ কমল শৰ্মাই যোৱা ২০ ছেপ্টেম্বৰত নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যাকৰাৰ কথা পোহৰলৈ আহিছে।

হত্যাকাৰী কমল শৰ্মাৰ ঘৰ লখিমপুৰ জিলাৰ দুলুহাটত বুলি জানিব পৰা গৈছে।

ইতিমধ্যে পুণে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা হত্যাকাৰী কমল শৰ্মাক কঠোৰ শাস্তি বিহাৰ লগতে নিহত অচ্যুৎ ভূঞাৰ পত্নী তথা পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই।

প্ৰয়াত অচ্যুৎ ভূঞাৰ পৰিয়ালবৰ্গই উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে গহপুৰ আৰক্ষীকো অৱগত কৰিছে।