বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱক সন্ধানহীন
July 24, 2021নিউজ ডেস্ক। কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈ সন্ধানহীন হ’ল অসমৰ যুৱক।
গোৱালপাৰাৰ মৰিয়মনগৰ নিউ কেম্পৰ যুৱক আজমল আলী দিল্লীলৈ গৈছিল।
গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত মৰিয়মনগৰ নিউ কেম্পৰ মঞ্জুৰ ৰহমানৰ পুত্ৰ আজমল আলী।
দিল্লীত ভাড়াতীয়া হিচাপে থাকি ৰিক্সা ঠেলাৰে পেলনীয়া সামগ্ৰী ক্ৰয় কৰিছিল।
অইন দিনাৰ দৰে ২০ জুলাইৰ দিনাও পেলনীয়া সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছিল যদিও ঘৰলৈ উভতি অহা নাই।
পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি নাপাই অৱশেষত থানাত এজাহাৰ দাখিল কৰে।