বহিঃৰাজ্যত মৃত্যু অসমীয়া যুৱকৰ, সৃষ্টি হৈছে ৰহস্যৰ

April 10, 2022 0 By NEWS DESK

নিউজ ডেস্কঃ পুৱৰ বহিঃৰাজ্যত মৃত্যুক সাৱটি ল’লে অসমীয়া যুৱকে। গোৱালপাৰাৰ জিলাৰ পূৱ গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত নয়াপাৰা গাঁৱৰ এজন যুৱকে হায়দৰাবাদত মৃত্যুক আঁকোৱালি লোৱাত সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ।

জানিব পৰা মতে, গাঁওখনৰ ফাৰান আলীৰ পুত্ৰ হাছিবুল ইছলাম (১৮) হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছিল। বৃহস্পতিবাৰে যুৱকজন হঠাৎ অসুস্থ হৈ পৰাত তাতে কৰ্মৰত একাংশ অসমীয়া শ্ৰমিকে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে মৃত্যু ঘটে হাছিবুলৰ।

কোনো কাৰণ নোহোৱাকৈ হঠাৎ এনেদৰে অসুস্থ হৈ যুৱকজনৰ মৃত্যু ঘটা ঘটনাক সহজভাৱে ল’ব পৰা নাই অঞ্চলবাসীয়ে। যুৱকৰজনৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।