সতীৰ্থ মহিলা চিকিৎসকক ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীৰ জালত ডাঃ নয়নজ্যোতি ডেকা…

June 25, 2021 0 By Biraj Kalita

অতি মহামাৰী ক’ভিডৰ সময়তে ডিব্ৰুগড়ত সংঘটিত এক ধৰ্ষণৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।

এগৰাকী মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডাঃ নয়নজ্যোতি ডেকাক।

ডিব্ৰুগড়স্থিত ব্যক্তিগত চিকিৎসালয় সঞ্জীৱনী হাস্পতালত সংঘটিত হৈছে এই ঘটনা।

অভিযোগমতে চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাই যোৱা নিশা হস্পিটালৰ ক’ভিড ৱাৰ্ডত কমৰত থকাৰ লগতে সেই নিশা নতুনকৈ যোগদান কৰা বহিঃৰাজ্যৰ যুৱতী চিকিৎসক গৰাকীক কুৰ্কম কৰাৰ অপচেষ্টা চলায়। নতুনকৈ যোগদান কৰা যুৱতী চিকিৎসকগৰাকীৰ পূৰ্বে এগৰাকী চিকিৎসক আছিল যদিও ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে চুটিত আছিল।

হাস্পতালখনৰ এটা কোঠাত সংঘটিত এই জঘন্য ঘটনাৰ সত্য সত্যতা শুক্ৰবাৰে পুৱাহে পোহৰলৈ আহে যেতিয়া ভুক্তভোগী মহিলা চিকিৎসক গৰাকীয়ে ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীত চিকিৎসক নয়নজ্যোতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

উক্ত যুৱতী চিকিৎসক গৰাকীয়ে ইতিমধ্যে আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ১২২১/২১ নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৬/৩২৮ ধাৰাত চিকিৎসক জনক সোধ-পোছৰ বাবে আটক কৰিছে।

ইফালে ভুক্তভোগী মহিলা চিকিৎসক গৰাকীয়ে অভিযোগ কৰি কয় যে ডাঃ নয়নজ্যোতি ডেকাই মাদক দ্ৰব্য সেৱন কৰি এই কাৰ্য সংঘটিত কৰিছিল।