বাঁহ কঢ়িওৱা ট্ৰাকৰ পিছ ফালে আন এখন ট্ৰাকৰ খুন্দা, বাঁহৰ খোচত থিতাতে নিহত হেণ্ডিমেন…

June 27, 2021 0 By Biraj Kalita

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো।

এখন বাঁহ কঢ়িওৱা ট্ৰাকৰ পিছফালে আন এখন ট্ৰাকৰ প্ৰচণ্ড খুন্দা।

ফলত বাঁহৰ খোচত থিতাতে নিহত হয় পিছফালৰ ট্ৰাকৰ হেণ্ডিমেনজন।

বোকাখাতৰ ৱাই টু কে ধাবাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথত ৰাষ্ট্ৰীয় পথত ৰখাই থোৱা NL 01K 7222 নম্বৰৰ বাঁহ কঢ়িওৱা ট্ৰাকখনৰ পিছ ফালে খুন্দা মাৰে চাহপাত কঢ়িওৱা AS 05C 2527 নম্বৰৰ  407 ট্ৰাকখনে।

যাৰ ফলত সন্মুখৰ ট্ৰাকত থকা বাহেঁ শেলি নিয়ে 407 ট্ৰাক খনৰ হেণ্ডিমেন জনক৷ ফলত থিতাতেই মৃত্যু হয় হেণ্ডিমেন জনৰ।

জানিব পৰা মতে, 407 ট্ৰাক খনক বিপৰীত দিশৰ পৰা অহা এখন অচিনাক্ত গাড়ীয়ে খুন্দা মৰাৰ ফলত 407 ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই বাঁহ কঢ়িওৱা ট্ৰাকৰ পিছফালে খুন্দা মাৰে।

যাৰ ফলত এই শোকাৱহ ঘটনাতো সংঘৰ্টিত হয়।