বাংলাদেশলৈ… বৃহৎ পৰিামণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলসহ জব্দ নাও, আটক ২
June 19, 2021নিউজ ডেস্ক। ৰাজ্যৰ মাজেৰে বাংলাদেশলৈ অব্যাহত আছে বিভিন্ন সা-সামগ্ৰীৰ চােৰাং চালান।
গৰু চিণ্ডিকেটৰ বাবে কুখ্যাত ধুবুৰী জিলাত এইবাৰ বাংলাদেশলৈ চালান দিয়াৰ পথত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ চােৰাং চাউল।
জব্দকৃৎ চাউল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিভিন্ন আঁচনিৰ বুলি দাবী কৰিছে আৰক্ষীয়ে।
ধুবুৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ নদীপথেৰে বাংলাদেশলৈ লৈ যোৱাৰ পথত জব্দ চোৰাং চাউল ভৰ্তি এখন যন্ত্ৰচালিত নাওঁ।
ধুবুৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদী পথত অভিযান চলাই চাউল ভৰ্তি যন্ত্ৰচালিত এখন নাওসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।
অধিক তথ্য উদ্ঘাটনৰ বাবে ধুবুৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ডিব্ৰু নাওঁৰীয়া দশেৰ আলী চবিয়াল ইউচুফক।
অভিযোগ অনুসৰি, দীৰ্ঘদিনৰে পৰা ধুবুৰী এফচিআইৰ চাউলসমূহ ট্ৰাকেৰে নি নদী পথেৰে দক্ষিণ শালমাৰাৰ বিভিন্ন সমবায়ত সমিতিলৈ নিয়াৰ নামত চাউলসমূহ মেঘালয় আৰু বাংলাদেশলৈ চোৰাং চালান কৰা হয়।