বাইক আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ, থিতাতে নিহত এজন, শিশুসহ আহত ৩…

March 20, 2022 0 By Biraj Kalita

এক শোকাৱহ পথ দুৰ্ঘটনা।

বাইক আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন।

বকোৰ জাৰাপাৰাত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটো।

আনহাতে দুৰ্ঘটনাটোৰ ফলত আহত হৈছে শিশুসহ তিনিজন লোক।

নিহত লোকজনৰ নাম আশীশ ৰাভা।

আহত লোককেইজন বিষ্ণু ৰাভা, ধনঞ্জয় ৰাভা আৰু ৰূপজ্যোতি ৰাভা।

নিহত আশীশ ৰাভা আৰু আহত ৰূপজ্যোতি ৰাভাৰ ঘৰ বকোৰ মালাং বামুণীগাঁৱত আৰু বাকী দুই আহত বিষ্ণু ৰাভা, ধনঞ্জয় ৰাভা ঘৰ বকোৰ তুৰুকপাৰাত বুলি জানিব পৰা গৈছে।

আহত লোককেইজনক বকোৰ স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱা বাবে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ এএছ০১ই পি ৫৭৮০ ।