বাছ আৰু টেক্টৰৰ মাজত সংঘৰ্ষ

September 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ ভাঙা আলিত বাছ আৰু ট্ৰেক্টৰৰ মাজত সংঘৰ্ষ।

পুৱাই তামুলপুৰ মহকুমাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত ভাঙাআলিত এএছ-২৫এচি-৫৯৭০ নম্বৰৰ বাছ এখন আৰু নম্বৰ প্লেট বিহীন এখন ট্ৰেক্টৰৰ মাজত ১২৭ নং ৰঙিয়া-ভূটান পথৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

জানিব পৰা মতে, সৌভাক্ৰমে যাত্ৰীবাহী বাছখনত কোনো যাত্ৰী নাছিল।

সেয়েহে দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

পিছত বাছ আৰু ট্ৰেক্টৰখন কুমাৰীকাটা আৰক্ষীয়ে থানালৈ লৈ আনে।