বাজেটঃ কেনে ধৰণে মাফ হ’ব মাইক্ৰ’ফাইনেন্সৰ ঋণ? কিদৰে সহায় কৰিব চৰকাৰে? সবিশেষ…

July 16, 2021 0 By Biraj Kalita

২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰিলে প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে।

বাজেট ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা অজন্তা নেওগৰ।

মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা অজন্তা নেওগৰ।

৩টা প্ৰক্ৰিয়াত হ’ব মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ।

প্ৰথম শ্ৰেণীত নিয়মিত ভাবে ঋণ পৰিশোধ কৰি থকা সকলক অন্তৰ্ভুক্ত কৰা হৈছে। ঋণ পৰিশোধৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা মানি চলাৰ বাবে উদগনি হিচাপে তেওঁৱলোকলৈ ২৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত।

১ৰ পৰা ৮৯ দিনলৈকে ঋণ পৰিশোধ নকৰাসকলক দ্বিতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। এই গ্ৰাহকসকললৈ পৰিশোধ নকৰাকৈ থকা ধনৰাশি প্ৰদান কৰা হ’ব। আৰু তেওঁলোকৰ একাউণ্টসমূহ মানসম্পন্ন হিচাপে শ্ৰেণীভুক্ত হোৱাৰ পিছত আৰু সময়মতে তেওঁলোকে কিষ্টিসমূহ পৰিশোধ কৰাটো আৰম্ভ কৰাৰ পিছত তেওঁলোক ২৫ হাজাৰ টকাৰ উদগনি লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ’ব।

যিসকল গ্ৰাহক মানসিকভাবে চাপৰ সন্মুখীন হৈছে তথা সৰ্বস্বান্ত হৈ পৰিছে আৰু যিসকলৰ একাউণ্ট NPA হিচাপে পৰিগণিত হৈছে, তেওঁলোকক তৃতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।

ইতিমধ্যে ঋণগ্ৰস্ত মহিলাগৰাকীক সকাহ দিয়াৰ উদ্দেশ্যে কেবিনেটে Assam Micro Finance Incentive and Relief Scheme (AMFIRS), 2021 নামৰ আঁচনিক অনুমোদন জনাইছে।

এই আঁচনিৰ অধীনত বিবেচিত হ’বলৈ তেওঁলোকে এখন প্ৰ-পত্ৰত আবেদন কৰিব লাগিব। আঁচনিখনৰ অধীনত এনেধৰণে মাইক্ৰফাইনেন্সৰ ঋণদাতাসকল এতিয়া সম্পূৰ্ণ ৰূপে নিকা আচৰণ বিধিৰ নীতি-নিৰ্দেশনাৰ দ্বাৰা পৰিচালিত হ’ব।

ইয়াৰ ফলত ৪০০০ কোটি টকাতকৈও অধিক ধন, ঋণদাতাৰ পৰা প্ৰত্যক্ষভাবে ঋণ গ্ৰহণকাৰীসকললৈ হস্তান্তৰ হ’ব। আৰু লাখ লাখ ঋণ গ্ৰহণ কৰা লোক ইয়াৰ দ্বাৰা উপকৃত হব।

এই ঋণ ৰেহাইৰ বাবে প্ৰয়োজন হ’ব ১২০০০ কোটি টকাৰ কিন্তু ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে নিকা আচৰণ সংহিতাৰ অধীনত ঋণ গ্ৰহণকাৰীসকললৈ লাভালাভ আগবঢ়াবলৈ ললে পুঁজিৰ প্ৰয়োজনীয়তা কমি ১২,০০০ কোটি টকাৰ পৰা ৭,৫০০ কোটি টকালৈ নামি আহিব।

উল্লেখ্য যে, বাজেটত মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফৰ বাবে ৭৫০০ কোটি টকা ধাৰ্য্য কৰা হৈছে।