বাজেটঃ নিৱনুৱাৰ বাবে বহু গুৰুত্বপূৰ্ণ ঘোষণা! কোন কোন বিভাগত কিমান পদ সবিশেষ…

July 16, 2021 0 By Biraj Kalita

২০২১-২২ চনৰ বাজেট দাখিল অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগৰ।

বাজেট ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওগৰ।

নিৱনুৱাৰ বাবেও বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে।

নতুনকৈ মুঠ ১০০০৪৩ টা পদৰ সৃষ্টি।

ইয়াৰে সৰ্বাধিক শিক্ষা বিভাগত, তাৰ পিছতে গৃহ আৰু ৰাজনৈতিক বিভাগত মুকলি কৰা হৈছে নতুন পদ।

ইয়াৰ বাবে অজন্তা নেওগৰ নেতৃত্বত এখন কমিটী গঠন কৰা হৈছে।

নিযুক্তিসমূহ যাতে স্বচ্ছ আৰু নিকা হয় তাৰ বাবে সাৱধানতাৰে আগবঢ়াৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

লগতে চাৰিটা নতুন আৰক্ষী বেটেলিয়ন গঠন আৰু চাৰিটা ফৰেনছিক গৱেষণাগাৰ স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে বাজেটত।

তাতো বহু নতুন পদৰ সৃষ্টি হ’ব বুলি উল্লেখ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে।