বাজেটঃ শিক্ষা(প্ৰাথমিক) বিভাগৰ বাবে ৯৩৮৯.৫৪কোটি টকা ধাৰ্য্য…

July 16, 2021 0 By Biraj Kalita

২০২১-২২ চনৰ বাজেট দাখিল অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগৰ।

বাজেট ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওগৰ।

শিক্ষা (প্ৰাথমিক) বিভাগৰ বাবে ২০২১-২২বৰ্ষৰ বাবে বাজেটত ৯৩৮৯.৫৪কোটি টকা ধাৰ্য কৰা হৈছে।

৩৭লাখ ৭৩হাজাৰ ৬৪৫গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হব বিনামূলীয়া ইউনিফৰ্ম।

অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াললৈ ৫লাখ টকাৰ এককালীন সাহায্যৰ ঘোষণা।

আনহাতে গুলীত আহত হোৱা প্ৰতিজন লোকক ২লাখ টকাৰ এককালীন অনুদান প্ৰদান কৰা হব।

অসম চুক্তি বিভাগৰ বাবে ২.৭৬কোটি টকা ধাৰ্য।

ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা স্থাপন পৰিকল্পনা লৈছে অসম চৰকাৰে।

এই কথা বাজেট ভাষণত ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে।