বাজেটঃ ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি অৰুণোদয় আঁচনিৰ ধন…

July 16, 2021 0 By Biraj Kalita

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট আৰম্ভ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট আৰম্ভ কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে।

অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিল কৰে অজন্তা নেওগে।

বাজেট অধিৱেশনৰ আৰম্ভণিতে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইক অভিনন্দন জনাইছে বিত্তমন্ত্ৰী অজন্তা নেওগে।

বাজেট ভাষণত আজি বিত্ত মন্ত্ৰী অজন্তা নেওগে অৰুণোদয় আঁচনিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, ২০২০-২১ বৰ্ষত প্ৰস্তুত কৰা অৰুণোদয় আঁচনিখন মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ।

লগতে কয়- এই আঁচনিখনে পৰিয়ালৰ প্ৰধান মহিলাগৰাকীলৈ প্ৰত্যক্ষভাৱে ধন হস্তান্তৰৰ বাবে সফল ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। এই আঁচনিখনে ৰাজ্যখনৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ উদ্দেশ্যে তেওঁলোকলৈ মাহিলি ৮৩০ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হেছে।

লগতে বিত্তমন্ত্ৰী গৰাকীয়ে কয়- ‘আজিলৈকে ২০ লাখ ২১ হাজাৰ ৫০০ গৰাকী হিতাধিকাৰীলৈ ১৬৭.৭৮ কোটি টকা মুকলি কৰি দিয়া হৈছে। ক্ষেত্ৰীয় পৰ্যায়ত আঁচনিখনৰ ব্যাপক পৰ্যালোচনাৰ বাবে আমাৰ চৰকাৰে প্ৰতিটো বছৰৰ এটা মাহ অৰুণোদয় মাহ হিচাপে ঘোষণা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’

সকলো আচঁনিৰ ভিতৰত অৰুণোদয় আঁচনি হৈছে সকলোতকৈ শক্তিশালী আঁচনি- অজন্তা নেওগ

প্ৰতিটো পৰিয়ালে লাভ কৰা মাহিলি অনুদানৰ ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

অৰুণোদয় আঁচনিৰ বাবে ১৮০০ কোটি টকা ধাৰ্য কৰা হৈছে এইবাৰৰ বাজেটত।

অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসম শ্ৰী সৰ্বোচ্চ অসামৰিক সন্মানৰ বাহিৰে সাহিত্যিক পেঞ্চন, ক্ৰীড়া পেঞ্চন, আৰু শিল্পী পেঞ্চনত কেবিনেটৰ অনুমোদন।

চাহ শ্ৰমিকৰ মজুৰি ৩৮ টকা বৃদ্ধি।

মুঠ নতুন পদ ১০০০৪৩ টা সৃষ্টি, সৰ্বাধিক শিক্ষা বিভাগত, তাৰ পিছতে গৃহ আৰু ৰাজনৈতিক বিভাগত।

অসম মালা- ২২৭৯.৫৫ কোটি টকা ব্যয় সাপেক্ষে ২৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৩ টা অতিৰিক্ত পথ নিৰ্মাণ কৰা হব