বাজেট প্ৰস্তুতিৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি বিত্ত বিভাগে মুকলি কৰিলে হোৱাটচএপ নম্বৰ…
June 26, 2021২০২১-২২ বৰ্ষৰ বাজেট প্ৰস্তুতিৰ বাবে পৰামৰ্শ বিচাৰি বিত্ত বিভাগে মুকলি কৰিলে বিশেষ ই-মেইল আইডি আৰু এটা হোৱাটচএপ নম্বৰ।
মুকলি কৰা ই-মেইল আইডিটো হ’ল assambudgetsuggestions@gmail.com আৰু হোৱাটছএপ নম্বৰটো হ’ল ৭৬৩৬৮-৭৯০১৯।
উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিক উপকৃত হ’বৰ বাবে বাজেট তৈয়াৰৰ প্ৰস্তুতি চলাইছে বিত্ত বিভাগে য’ত সহায় বিচাৰিছে ৰাইজৰ।
ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকে ইয়াৰ জৰিয়তে বিভিন্ন উন্নয়নমূলক কামত নিজৰ পৰামৰ্শ দিব পাৰিব।
অৱশ্যে ইয়াৰ সময়সীমা ৩ জুলাইলৈ ধৰি দিয়া হৈছে।
ক’ভিড মহামাৰীৰ বাবে ৰাজ্যৰ আগশাৰীৰ ব্যক্তি সকলৰ লগত সাক্ষাত সম্ভৱ নহয় সেইবাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।