বাজেট সবিশেষঃ বানমুক্ত অসম গঢ়াৰ পৰিকল্পনা, ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্মাৰ্টফোন…

July 16, 2021 0 By Biraj Kalita

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট।

অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিল কৰে অজন্তা নেওগে।

বাজেট অধিৱেশনৰ আৰম্ভণিতে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইক অভিনন্দন জনাইছে বিত্তমন্ত্ৰী অজন্তা নেওগে।

আবেলি ৩বজাৰ পৰা আৰম্ভ বাজেট ভাষণ।

অজন্তা নেওগে কয়- এই বাজেট কেৱল এবছৰৰ জমা খৰছৰ হিচাপ নহয়।৫বছৰীয়া কাৰ্যকালৰ এক দলিল।

বানমুক্ত অসম গঢ়াৰ পৰিকল্পনা।

১০০০ কোটি ব্যয় সাপেক্ষে ১০০০ কিলোমিটাৰ মথাউৰি তথা পথ নিৰ্মাণৰ লক্ষ্য।

উচ্চ জাতৰ গাই গৰু জন্মৰ বাবে আচঁনি গ্ৰহণ। গাই গৰু জন্মৰ ফলত ৰাজ্যত গাখীৰৰ চাহিদা বৃদ্ধি পাব।

স্বনিৰ্ভৰ নাৰী- আৰ্টফেড আৰু AGMC ৰ জৰিয়তে খিলঞ্জীয়া শিপিনীসকলৰ পৰা পোনপটীয়াকৈ হস্ততাঁত সামগ্ৰী আহৰণ কৰিবলৈ সিদ্ধান্ত লয় চৰকাৰে।

সোণালী শৈশৱ বিকশিত অসম- অংগনবাদী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ৰ বৈদ্যুতিকৰণ। ১৩.৫০ কোটি টকা ধাৰ্য্য। একোটা অংগনবাদী কেন্দ্ৰ নিৰ্মাণত ২৫ লাখ টকা ধাৰ্য্য।

ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হব স্মাৰ্টফোন।

চৰকাৰী বিদ্যালয়সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক স্মাৰ্ট ফোন প্ৰদান কৰাৰ কথা সদৰি কৰিলে বিত্তমন্ত্ৰীয়ে।

অনলাইন ক্লাছৰ বাবে এই ফোন প্ৰদান কৰিব চৰকাৰে।

অনগ্ৰসৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক এই পদক্ষেপে সহায় কৰিব বুলি কয় বিত্তমন্ত্ৰীয়ে।

প্ৰায় ৮লাখ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব এই আচনিয়ে।

এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড নীতি প্ৰযোজ্য হব।

খাদ্য সুৰক্ষা আইনৰ অধীনত ANNA আচনিৰ অধীনত বাৰ্ষিক ৪৭৯কোটি টকা ব্যয় কৰা হৈছে।

এই আচনিয়ে চাহ বাগান এলেকাৰ ৬.৪৬লাখ পৰিয়ালকে ধৰি মুঠ ৫৮.৯৩লাখ পৰিয়ালক সামৰি লৈছে।

চাহ জনগোষ্ঠীৰ উচ্চশিক্ষাৰ অৰ্থে ১০২খন হাইস্কুল স্থাপনৰ বাবে স্থান নিৰ্ণয় কৰা হৈছে।

৮০০খন চাহ বাগিছা লেবাৰ লাইনত পথ ১কোটি টকাকৈ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।

চাহ শ্ৰমিকে অৱসৰ ভাট্টা ৫০হাজাৰকৈ পাব।

ৰাজ্যৰ খেতিয়ক সকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্য।

ৰাজ্যত এখন কৃষি আয়োগ গঠন হোৱাৰ প্ৰস্তাৱ।

ৰং জিলাৰ গৰুখুটিত ৭৭,৪২০বিঘাতকৈ অধিক ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে।

গৰুখুটিৰ প্ৰকল্পৰ বাবে ৯.৬কোটি টকাৰ প্ৰস্তাৱ।

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম চলি আছে।

বৰ্তমান সময়ত কোভিড চিকিতসাৰ বাবে চৰকাৰী চিকিতসালয়ত ২০হাজাৰ ৪৭৪খন বিচনা ব্যৱহাৰ কৰি থকা হৈছে।

এক লাখ নিবনুৱাক সংস্থাপন, ৪টা নতুন আৰক্ষী বেটলিয়ন গঠন, ৪টা ফৰেনচিক গৱেষণালয় স্থাপনৰ সিদ্ধান্ত।

শিপিনীসকলৰ বাবে উতপাদিত সামগ্ৰীৰ নিৰিখ স্থিৰ কৰা হব

বাজেট ভাষণত আজি বিত্ত মন্ত্ৰী অজন্তা নেওগে অৰুণোদয় আঁচনিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, ২০২০-২১ বৰ্ষত প্ৰস্তুত কৰা অৰুণোদয় আঁচনিখন মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ।

সকলো আচঁনিৰ ভিতৰত অৰুণোদয় আঁচনি হৈছে সকলোতকৈ শক্তিশালী আঁচনি- অজন্তা নেওগ

প্ৰতিটো পৰিয়ালে লাভ কৰা মাহিলি অনুদানৰ ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

অৰুণোদয় আঁচনিৰ বাবে ১৮০০ কোটি টকা ধাৰ্য কৰা হৈছে এইবাৰৰ বাজেটত।

অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসম শ্ৰী সৰ্বোচ্চ অসামৰিক সন্মানৰ বাহিৰে সাহিত্যিক পেঞ্চন, ক্ৰীড়া পেঞ্চন, আৰু শিল্পী পেঞ্চনত কেবিনেটৰ অনুমোদন।

চাহ শ্ৰমিকৰ মজুৰি ৩৮ টকা বৃদ্ধি।

মুঠ নতুন পদ ১০০০৪৩ টা সৃষ্টি, সৰ্বাধিক শিক্ষা বিভাগত, তাৰ পিছতে গৃহ আৰু ৰাজনৈতিক বিভাগত।

অসম মালা- ২২৭৯.৫৫ কোটি টকা ব্যয় সাপেক্ষে ২৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৩ টা অতিৰিক্ত পথ নিৰ্মাণ কৰা হব

প্ৰতিখন ৰাজহ গাঁৱতে ৰাজহুৱা পুখুৰী নিৰ্মাণেৰে মীন পালনৰ পোষকতা।

বৰ্তমানৰ বিত্তীয় বৰ্ষত ১০হাজাৰ ৰাজহুৱা পুখুৰী খন্দা প্ৰস্তাৱ।

খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ঐহিত্য সংস্কৃতি সংৰক্ষণৰ বাবে ১০০কোটি টকা ধাৰ্য।

ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিত ১৮টা প্ৰকল্পৰ তালিকাৰ প্ৰস্তাৱ।