বাতৰি কাকতৰ সম্পাদকৰ দায়িত্বত ডঃ অমৰজ্যোতি চৌধুৰী
December 1, 2020নিউজ ডেস্ক। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী, বিশিষ্ট চিন্তাবিদ, সুলেখক, বৰেণ্য শিক্ষাবিদ, শিল্পী, আবৃত্তিকাৰ ডঃ অমৰজ্যোতি চৌধুৰীয়ে আজিৰে পৰা ৫৫ বছৰীয়া ঐতিহ্যৰে সমৃদ্ধ ‘দৈনিক অসম’ৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে।
সকলোৱে আশা কৰিছে ডঃ চৌধুৰীৰ সম্পাদনাত নতুন সাজেৰে ‘দৈনিক অসম’এ নতুন গতিৰে আগবাঢ়ি যাব।
দায়িত্ব গ্ৰহণৰ আগ মুহূৰ্তত ডঃ চৌধুৰীয়ে কয়- ‘জাতীয় সেৱা বুলি মই সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আহিছোঁ।
ঐতিহ্যমণ্ডিত কাকতখনৰ দায়িত্ব ল’বলৈ আগবাঢ়িছোঁ।
জাতীয় সেৱা যাতে লাহে লাহে কাকতখনৰ জৰিয়তে সমগ্ৰ মানৱ জাতিৰ সেৱালৈ বিস্তৃত কৰিব পাৰোঁ, সেয়াই মোৰ লক্ষ্য হ’ব।’
১৯৫০ চনত জন্মগ্ৰহণ কৰা ডঃ চৌধুৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, তেজপুৰ বিশ্ববিদ্যালয়ৰো প্ৰাক্তন প্ৰো-উপাচাৰ্য।
বিশিষ্ট বিজ্ঞানীজন মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (ইউএছটিএম) আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰো প্ৰাক্তন উপাচাৰ্য।
বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, অভিনেতা, ৰাজনীতিবিদ লক্ষ্যধৰ চৌধুৰীৰ পুত্ৰ ডঃ অমৰজ্যোতি চৌধুৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল।
পদাৰ্থ বিজ্ঞানত সন্মানসহ গুাৱহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চৌধুৰীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ সন্মান লাভ কৰিছিল।