বানৰে মাজতে সম্পন্ন বিয়া, দৰা আহিল আত্মীয়ৰ কােলাত…

August 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ভাদ মহীয়া বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বহু অঞ্চলত।

তাৰ মাজতে সম্পন্ন হৈছে বহু পূৰ্ব নিৰ্ধাৰিত বিয়াও।

তেনে এক বিয়াই শেহতীয়াকৈ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। বানৰ মাজতে সম্পন্ন বিয়াখনত দৰা আহিল আত্মীয়ৰ কােলাত উঠি।

এই বিবাহৰ স্থান চামগুৰি সমষ্টিৰ লাওখোৱা।

জানিব পৰা মতে, চামগুৰিৰ সমষ্টিৰ লাওখোৱাৰ বটামুখত এই বিশেষ বিবাহ সম্পন্ন হয়।

দৰা আহিব লাগিছিল গাড়ীত, কিন্তু আহিলে কোলাত।

বিবাহভৱন অথৱা বিবাহ মণ্ডপত সম্পন্ন হোৱা নাই বিবাহখন। পানীৰ মাজতে পাতিলে এখন বিশেষ বিবাহ।

উল্লেখ্য, বিগত কিছুদিন ধৰি নগাঁও জিলাৰ লাওখোৱাত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী। যাৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে জনসাধাৰণ।

তেনে সময়তে পৰম্পৰাগত ৰীতি-নীতি মানি বিয়াখন সম্পন্ন কৰিলে আল্লাহ-ভগৱানক সাক্ষী কৰি বৈবাহিক জীৱনৰ আৰম্ভণি কৰিবলৈ আহিল চামগুৰি লাইলুৰ পৰা আহিল মুক্তাৰ হুছেইন।

বাঢ়নী পানীৰ মাজতে সম্পন্ন হ’ল বিশেষ বিবাহখন।

দৰাঘৰীয়াই পূৰ্বে দিন-তাৰিখ ঠিক কৰাৰ বাবেই ৪নং বগামুখত পানীৰ মাজতে সম্পন্ন কৰিলে বিশেষ বিয়াখন।