বান-গৰাহখহনীয়াত খেতি-মাটি-বাসগৃহ ক্ষতিগ্ৰস্ত সকলে পাব ৫ লাখ টকা পৰ্য্যন্ত সাহাৰ্য!

December 13, 2020 0 By NEWS DESK

ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন।

বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।

সেই অনুসৰি,- বান-গৰাহখহনীয়াত খেতি-মাটি-বাসগৃহ ক্ষতিগ্ৰস্ত সকলে পাব ৫ লাখ টকা পৰ্য্যন্ত সাহাৰ্য।

বানপানীত বাসগৃহ ক্ষতিগ্ৰস্ত হলে ১.৫ লাখ আৰু খেতি মাটি গ’লে ১ লাখ টকাৰ ক্ষতিপূৰণ পাব।

এতিয়াৰে পৰা চৰকাৰী বন্ধ ৩৪ দিন, ৰেষ্ট্ৰিকটেড বন্ধ ৩১ দিন ধাৰ্য কৰা হৈছে।

মাদ্ৰাছা আৰু সংস্কৃত টোলৰ বাবে বিশেষ আইন অনা হ’ব।

শিক্ষানীতি কিছু সংশোধন কৰি ধৰ্মনিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

ব্যক্তিগত শিক্ষানুষ্ঠান বহুতে অনুমতি নোহোৱাকৈ শিক্ষাদান কৰি আছে, এতিয়াৰে পৰা স্কুল খুলিলেও অনলাইনযোগে ল’ব লাগিব চৰকাৰৰ অনুমতি।

আনহাতে, মাইক্ৰফাইনেঞ্চৰ লোণ লোৱা সকললৈ সুখবৰ।

এতিয়াৰ পৰা মাইক্ৰফাইনেঞ্চিয়েল অনুষ্ঠানসমূহ পৰিচালনাৰ বাবে নতুন আইন জাৰি কৰিব ৰাজ্য চৰকাৰে।

মাইক্ৰফাইনেঞ্চ কোম্পানীসমূহৰ গাইডলাইনসমূহৰ ওপৰি RBIৰ নীতি-নিৰ্দেশনাৰ জড়িয়তে নিয়ন্ত্ৰণ কৰা হ’ব।

সুত বিচাৰি ঘৰলৈ আহিব নোৱাৰিব মাইক্ৰফাইনেঞ্চৰ লোক, লোণৰ নামত হাৰাশাস্তি কৰি উঠাই নিব নোৱাৰিব ঘৰৰ বয়বস্তু।