বায়ু সেনা বাহিনীৰ শিৱিৰত কাম কৰা অস্থায়ী শ্ৰমিকক ঠিকাদাৰ পক্ষৰ বঞ্চনা

October 4, 2021 0 By NEWS DESK

নিউজ ডেস্ক। চাবুৱাৰ বায়ুসেনা বাহিনীৰ কেম্পত কাম কৰা অস্থায়ী শ্ৰমিকক ঠিকাদাৰ পক্ষই প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযােগ উত্থাপিত হৈছে।

চাবুৱাৰ বায়ুসেনা বাহিনীৰ কেম্পত কাম কৰা অস্থায়ী শ্ৰমিকক ঠিকাদাৰ পক্ষৰ বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে অল আছাম কনট্ৰেক্টৰ ৱৰ্কৰ্ছ ইউনিয়নে।

দেওবাৰৰ দিনা চাবুৱা বায়ুসেনা বাহিনীৰ কেম্পৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংগঠনটোৰ উদ্যোগত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখ্য যে পূৰ্বৰে পৰা বিষয়া, প্ৰশাসনক বহুবাৰ আবেদন কৰিও সুফল নোপোৱাত শ্ৰমিকসকলে কাম স্থগিত কৰি প্ৰাপ্য ধন আদায় নিদিয়াৰ বাবে এইদৰে ওলাই আহি প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।