বিজেপিত গৈ ‘ডাষ্টবিন’ত পৰিণত হ’ব বিশ্বজিৎ দৈমাৰীঃ চন্দন ব্ৰহ্ম
November 12, 2020নিউজ ডেস্ক। সদ্য দলত্যাগী বিপিএফৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী সন্দৰ্ভত সাংবাদিকৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী চন্দন ব্ৰহ্মই।
উল্লেখ্য যে বাক্সাৰ মঠনগুৰী সমষ্টিত বিপিএফ দলৰ মহিলা সমাৰোহত অংশ লৈছিল মন্ত্ৰীগৰাকীয়ে।
উক্ত সমাৰোহত বিপিএফ নেত্ৰী অঞ্জলি দৈমাৰী, বিপিএফ নেতা ৰবিৰাম নাৰ্জাৰীৰ লগতে অন্যান্য নেতাও উপস্থিত আছিল।
সাংবাদিকৰ সৈতে হােৱা সাক্ষাৎকাৰত বিশ্বজিৎ দৈমাৰীৰ দলত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চন্দন ব্ৰহ্মই কয় যে বিটিআৰ নিৰ্বাচনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীত্ব লাভ নকৰিলে অচিৰেই ডাষ্টবিনত পৰিণত হ’ব দৈমাৰী।
দৈমাৰীৰ বিপিএফ দলৰ পৰা পদত্যাগৰ সম্পূৰ্ণ পৰিকল্পনাকৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বুলি অভিযােগ কৰি তেওঁ কয় যে হিমন্তই দিয়া ‘গােপন’ বুজাবুজিৰ বাবেই দৈমাৰীয়ে বিপিএফ দল ত্যাগ কৰিছে।