বিজেপিৰ সহযােগতে হাগ্ৰামাই বিটিচিত লুন্ঠনৰাজ চলাইছিলঃ সাংসদ নৱ শৰণীয়া

November 19, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ আৰিফ আহমেদ। বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে বিটিচিত আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা ৷

গণ সুৰক্ষা পাৰ্টিয়ে তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী দিলীপ শৰণীয়াৰ সমৰ্থনত তেতেলিগুৰীৰ পৰা এটি বিশাল বাইক ৰেলী উলিয়ায় ৷

বাইক ৰেলীটোৰ শুভাৰম্ভ কৰে সাংসদ নৱ কুমাৰ শৰনীয়াই ৷

সাংসদ গৰাকীয়ে বাইক ৰেলীটো উদ্বোধন কৰি কয় যে এইবাৰ ত্ৰিশ খন আসন লাভ কৰি বিটিচি পৰিষদ দখল কৰিব জি এছ পিয়ে ৷

ইপিনে সংবাদ মাধ্যমৰ আগত তেওঁ কয়- বিজেপি বিপিএফ ইউপিপিএলৰ কাজিয়া খন গিৰিয়েক ঘৈনীয়েকৰ কাজিয়া ৷

এই কাজিয়া কেতিয়াও তালাকলৈ গুচি নাযায় ৷

বিজেপি চৰকাৰে বিপিএফ দলৰ নেতা হাগ্ৰামা মহিলাৰীক আগতেই কিয় নিয়ন্ত্ৰণ নকৰিলে বুলি প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে ৷

ভাষাৰ ক্ষেত্ৰত বিজেপিয়ে অসমীয়া ভাষাৰ সৰ্বনাশ কৰিলে ৷ আমাৰ মানুহৰ এটাই কথা জীৱন দিম কিন্তু বড়ো ভাষাত অধ্যয়ন নকৰো ৷

উল্লেখযোগ্য যে এই বাইক ৰেলীটোৱে ২৮ নম্বৰ গয়বাৰী, ২৬ নম্বৰ দৰঙাজুলি আৰু ২৭ নম্বৰ নাগ্ৰিজুলি পৰিষদীয় সমষ্টি পৰিভ্ৰমণ কৰে ।